অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

কাইলৈৰ পৰা উৰিষ্যাৰ পুৰীত পুৰী মহোৎসৱ

On: December 2, 2025 11:08 AM
Follow Us:
---Advertisement---

২ ডিচেম্বৰ:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব আৰু অনবৈদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক সৰ্বভাৰতীয় স্তৰলৈ উন্নীত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ মাজলৈ লৈ যোৱাৰ লক্ষ্য আগত ৰাখি কাইলৈ ৩ ডিচেম্বৰৰ পৰা উৰিষ্যাৰ পুৰীত “পুৰী মহোৎসৱ” অনুষ্ঠিত হ’ব। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে পুৰী মহোৎসৱৰ কাৰ্য্যসূচী সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতি যোগে জনায় যে, পুৰীৰ লোকনাথ পথত অৱস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ নাম ঘৰ প্ৰাংগনত ২৪ সংখ্যক পুৰী মহোৎসৱ ৰাতিপুৱা ৫ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিবেশনৰ দ্বাৰা মহোৎসৱৰ আৰম্ভণি কৰা হ’ব।কাইলৈ পুৱা ৮ বজাত অনুষ্ঠিত হ’ব লগীয়া পুৱাৰ প্ৰসঙ্গ পৰিচালনা কৰিব সংগীত নাটক একাডেমী বঁটা প্ৰাপক,বিশিষ্ট সত্ৰীয়া শিল্পী গুনিন্দ্ৰ নাথ ওজায়। প্ৰসঙ্গৰ পিছত উলিয়াব লগীয়া শোভাযাত্ৰা মুকলি কৰিব সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীযে আৰু ভাগৱৎ বহন কৰিব ঔটলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকায়। ভাগৱৎ ভ্ৰমনৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা নাম দলসমূহে থিয় নাম পৰিৱেশন কৰিব। আবেলি ২ বজাত শ্ৰীশঙ্কৰদেৱ সংস্কৃতি সমাজ (পুৰী প্ৰকল্প )ৰ সভানেত্ৰী কণিকা পাঠকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। বৰপেটাৰ শিল্পী মৃমান্তিকা দাসৰ বৰগীতেৰে আৰম্ভ হ’বলগীয়া এই মুকলি সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব পুৰীৰ সুৰজ মল সহা মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ কুমাৰ চাহু। পুৰী মহোৎসৱ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্তৰ বাবুল চন্দ্ৰ দাসে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব পুৰীৰ শ্ৰী জগন্নাথ সংস্কৃতিৰ গৱেষক বাণী ভূষণ শাস্ত্ৰী
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব পুৰীৰ অসম পাণ্ডা সুদৰ্শন মহাপাত্ৰ, গোপী মহাপাত্ৰ, ৰবি মহাপাত্ৰ আৰু জনমেশ্বৰ মহাপাত্ৰ। সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণদেৱ গোস্বামীয়ে। ৪ ডিচেম্বৰ পুৱা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য্য
বিমল ভকতে জাগৰণৰ গীতৰ দ্বাৰা দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। সেইদিনা আইসকলে নাম পৰিৱেশ কৰাৰ লগতে গুৱাহাটীৰ শৰণাচাৰ্য্য বীৰেন্দ্ৰ নাথ পাঠকে পুৱাৰ প্ৰসঙ্গ পৰিচালনা কৰিব। সেইদিনা অনুষ্ঠিত হ’বলগীয়া পাল নামত মূখ্য পাঠক হিচাপে অংশ গ্ৰহণ কৰিব গুৱাহাটীৰ সাৰংগ পানী পাঠকে। গুৰুজনাৰ অপূৰ্ব দৰ্শন আৰু বৰ্ণিল ৰচনা সম্ভাৰেৰে উদযাপন হ’বলগীয়া এই পুৰী মহোৎসৱৰ জৰিয়তে অসম আৰু উৰিষ্যাৰ সাতাম পুৰুষীয়া ঐক্যৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষী সমিতিযে আশা প্ৰকাশ কৰিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Read More

প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ আৰু আই পি এল ২০২৬ ৰ খবৰ

মোদীৰ ঐতিহাসিক অভিলেখ, বিমান ভাড়াৰ নতুন নিয়ম আৰু আই পি এল ২০২৬-ৰ শেহতীয়া খবৰ

Eid celebration, Biopharma SHAKTI scheme, Coal production record, and International Day of Forests in India.

ঈদ-উল-ফিতৰৰ আনন্দ, বায়োফাৰ্মা শক্তি আঁচনি, ১০০ কোটি টন কয়লা উৎপাদন আৰু আন্তঃৰাষ্ট্ৰীয় বন দিৱসৰ বিশেষ খবৰ

ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল আৰু ভাৰতীয় হাইড্ৰ’জেন ট্ৰেইনৰ ফটো।

ৰাজ্যসভা নিৰ্বাচনত NDA-ৰ জয়, হাইড্ৰ’জেন ট্ৰেইনৰ পৰীক্ষণ, টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু শিপ জাহাজৰ প্ৰত্যাৱৰ্তন

৫ ৰাজ্যৰ নিৰ্বাচন, ওড়িশা অগ্নিকাণ্ড আৰু অস্কাৰ ২০২৬ ৰ বাতৰি

৫ ৰাজ্যৰ নিৰ্বাচন ঘোষণা, ওড়িশাত অগ্নিকাণ্ড, LPG যোগান, চেন্সক্স ৮২,০০০ আৰু অস্কাৰ ২০২৬: আজিৰ মুখ্য বাতৰি

সোণম ৱাংচুকৰ ওপৰত আৰোপ কৰা NSA আটকাদেশ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰাৰ খবৰ

কেন্দ্ৰীয় চৰকাৰে সোণম ৱাংচুকৰ NSA আটকাদেশ প্ৰত্যাহাৰ কৰিলে

এজন দুৰ্বৃত্তৰ পৰা বাচি যোৱা ফাৰুক আব্দুল্লা আৰু ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ জয়ৰ ফটো।

ফাৰুক আব্দুল্লাক হত্যাৰ চেষ্টা, দেশত এলপিজি নাটনি আৰু উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়সহ আজিৰ ৫ টা মুখ্য খবৰ

Leave a comment