দেশজুৰি মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষামূলক ব্যৱস্থা আৰম্ভ কৰা হৈছে। চৰকাৰে “Mobile Disaster Alert System”ৰ পৰীক্ষণ আৰম্ভ কৰিছে, যাৰ জৰিয়তে আগন্তুক সময়ত প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰী পৰিস্থিতিৰ সময়ত লোকসকলক তৎকালীন সতৰ্ক কৰিব পৰা যাব।
এই পৰীক্ষণৰ অংশ হিচাপে, কিছুসময়ৰ ভিতৰতে কোটি কোটি মানুহৰ মোবাইল ফোনত আচম্বিতে ছাইৰেন বা সতৰ্কবাণী শুনা যাব পাৰে। এই এলাৰ্টসমূহ কেৱল পৰীক্ষামূলক, আৰু ইয়াত কোনো প্ৰকৃত বিপদৰ সূচক নহয়।
সেয়ে, যদি আপোনাৰ মোবাইল ফোনত হঠাৎ ছাইৰেন বা এলাৰ্ট দেখা বা শুনা যায়, ভয় নকৰিব। এইটো কেৱল এটা টেষ্ট মাত্ৰ, যি ব্যৱস্থাটোক অধিক কাৰ্যকৰী কৰাৰ বাবে কৰা হৈছে।
এই ব্যৱস্থাই ভবিষ্যতে জৰুৰী পৰিস্থিতিত জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।













