অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

উত্তৰ গোৱাৰ আৰপোৰাত চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত নাইটক্লাবত অগ্নিকাণ্ড; ২৫ জন নিহত

On: December 7, 2025 7:51 PM
Follow Us:
---Advertisement---

উত্তৰ গোৱাৰ আৰপোৰাত শণিবাৰে নিশা এটা নাইটক্লাবত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ২৫ জন লোক নিহত হৈছে। স্থানীয় আৰক্ষীৰ মতে, নৈশ ক্লাবটোৰ ভিতৰত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে এই ভয়াৱহ ঘটনাটো ঘটে।

অগ্নিকাণ্ডৰ ফলত ক্লাবটোৰ ভিতৰত থকা লোকসকল আবদ্ধ হৈ পৰে। সূত্ৰ অনুসৰি, আহত বহু কেইজন লোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে, যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। অগ্নিনিৰ্বাপক বাহিনীয়ে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে।

ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰক্ষীয়ে নাইটক্লাবটোৰ সুৰক্ষা ব্যৱস্থা আৰু অনুজ্ঞাপত্ৰৰ দিশটো পৰীক্ষা কৰি আছে। এই শোকাবহ ঘটনাই সমগ্ৰ গোৱাতে গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment