NEET-UG ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি উঠা অভিযোগৰ পিছত পৰীক্ষা বাতিল কৰাৰ ঘটনাই শিক্ষা মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে কেন্দ্ৰীয় চৰকাৰক NEET পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আহ্বান জনাইছে।
তেওঁ কয় যে MBBS, BDS আৰু AYUSH আসনৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ভিত্তিত ৰাজ্যিক পৰ্যায়ত কৰা উচিত। তেওঁৰ মতে, বৰ্তমানৰ NEET ব্যৱস্থাত বহু ধৰণৰ ক্ৰটি আছে, যাৰ ফলত বিশেষকৈ গ্ৰাম্য অঞ্চল আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে NEET ব্যৱস্থাই সমান সুযোগ নিশ্চিত কৰাত ব্যৰ্থ হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত অসমতা বৃদ্ধি কৰিছে। এই প্ৰেক্ষাপটত তেওঁ বিকল্প হিচাপে ১২ শ্ৰেণীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি নামভৰ্তিৰ প্ৰস্তাৱ আগবঢ়াইছে।











