অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছতেই ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকভৱনত মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত নিজৰ লগতে মন্ত্ৰীসভাৰ সকলো সদস্যৰ পদত্যাগ পত্ৰ দাখিল কৰে।
এই পদক্ষেপে নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক সহজ কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ পদত্যাগ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নহোৱা পৰ্যন্ত পূৰ্বৰ দায়িত্ব অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়।
ইয়াৰ লগে লগে অসমত নতুন চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হ’ল।













