অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

পুনৰ ইন্ধনৰ মূল্যবৃদ্ধি: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাই জনতাৰ মূৰত মাধমাৰ

On: May 19, 2026 2:14 PM
Follow Us:
গুৱাহাটীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত জনতাৰ ওপৰত আৰ্থিক বোজা বৃদ্ধি
---Advertisement---

পুনৰ এবাৰ ইন্ধনৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জোকাৰি গৈছে। আজি পেট্ৰ’লৰ মূল্য লিটাৰপ্ৰতি ১.০৮ টকাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ মূল্যও ১.১১ টকাকৈ বৃদ্ধি পাইছে।

এই মূল্যবৃদ্ধিৰ পিছত গুৱাহাটীত আজি পেট্ৰ’লৰ নতুন মূল্য হৈছে ১০২.২৯ টকা প্ৰতি লিটাৰ। আনহাতে, ডিজেলৰ মূল্য বৃদ্ধি পাই হৈছেগৈ ৯৩.৬১ টকা প্ৰতি লিটাৰ।

ইন্ধনৰ এই লাগাতাৰ মূল্যবৃদ্ধিয়ে দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱাৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ পৰিবহণ খৰচ বৃদ্ধি পোৱাৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment