অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

লণ্ডনত গ্ৰেটা থুনবাৰ্গ গ্ৰেপ্তাৰ: পেলেষ্টাইন সমৰ্থকৰ কাৰাগাৰত অনশনক লৈ প্ৰতিবাদ

On: December 24, 2025 9:16 AM
Follow Us:
---Advertisement---

চুইডেনৰ বিশ্বখ্যাত জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গক মঙলবাৰে কেন্দ্ৰীয় লণ্ডনত ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীসকলৰ এক অনশন কাৰ্যসূচীক সমৰ্থন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে তেওঁক আটক কৰা হয়।

জানিব পৰা মতে, লণ্ডনৰ ‘এচপেন ইন্স্যুৰেন্স’ (Aspen Insurance) কাৰ্যালয়ৰ সন্মুখত গ্ৰেটা থুনবাৰ্গে একাংশ কাৰাবন্দী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছিল। প্ৰতিবাদকাৰীসকলৰ অভিযোগ যে উক্ত বীমা প্ৰতিষ্ঠানটোৱে ইজৰাইলী অস্ত্ৰ নিৰ্মাতা কোম্পানীক সহায় কৰি আছে। থুনবাৰ্গে হাতত এখন ফলক লৈ থিয় হৈছিল য’ত লিখা আছিল— “মই পেলেষ্টাইন একচনৰ কাৰাবন্দীসকলক সমৰ্থন কৰোঁ। মই গণহত্যাৰ বিৰোধিতা কৰোঁ।”

ব্ৰিটেইন চৰকাৰে শেহতীয়াকৈ ‘পেলেষ্টাইন একচন’ নামৰ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিছে। সেয়েহে, নিষিদ্ধ সংগঠনক সমৰ্থন কৰাৰ অভিযোগত আৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ২২ বছৰীয়া থুনবাৰ্গক গ্ৰেপ্তাৰ কৰে। বৰ্তমান কাৰাগাৰত থকা সংগঠনটোৰ কেইবাজনো সদস্যই বিগত ৫২ দিন ধৰি অনশন কৰি আছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। অৱশ্যে পিছত তেওঁক জামিনত মুক্তি দিয়া হয়। এই গ্ৰেপ্তাৰৰ ঘটনাক বিশ্বৰ বিভিন্ন মানৱ অধিকাৰ কৰ্মীয়ে তীব্ৰ সমালোচনা কৰিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment