অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দিল্লীত টেক্সি চালকৰ তিনিদিনীয়া চকা বন্ধৰ আহ্বান, ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ

On: May 19, 2026 1:55 PM
Follow Us:
দিল্লীত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে টেক্সি চালকৰ চকা বন্ধ আন্দোলন
---Advertisement---

ইন্ধনৰ অব্যাহত মূল্যবৃদ্ধিৰ ফলত পুনৰ সমস্যাৰ সন্মুখীন হৈছে দিল্লীৰ টেক্সি চালকসকল। এই পৰিস্থিতিৰ প্ৰতিবাদত আৰু ভাৰা বৃদ্ধিৰ দাবীত টেক্সি চালক সন্থাই ২১ মে’ৰ পৰা ২৩ মে’লৈ তিনিদিনীয়া চকা বন্ধৰ আহ্বান জনাইছে।

টেক্সি চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত দৈনন্দিন আয়-ব্যয়ত ব্যাপক প্ৰভাৱ পৰিছে। বৰ্তমানৰ ভাৰাত গাড়ী চলোৱা কঠিন হৈ পৰাত সন্থাই চৰকাৰক ভাৰা পুনৰ নিৰ্ধাৰণৰ দাবী জনাইছে।

চকা বন্ধৰ ফলত দিল্লীত সাধাৰণ যাতায়াত ব্যৱস্থাত ব্যাঘাত ঘটাৰ সম্ভাৱনা দেখা দিছে। বিশেষকৈ অফিচযাত্ৰী আৰু দৈনিক টেক্সিৰ ওপৰত নিৰ্ভৰশীল লোকসকল সমস্যাৰ সন্মুখীন হ’ব পাৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment