পুনৰ এবাৰ ইন্ধনৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জোকাৰি গৈছে। আজি পেট্ৰ’লৰ মূল্য লিটাৰপ্ৰতি ১.০৮ টকাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ মূল্যও ১.১১ টকাকৈ বৃদ্ধি পাইছে।
এই মূল্যবৃদ্ধিৰ পিছত গুৱাহাটীত আজি পেট্ৰ’লৰ নতুন মূল্য হৈছে ১০২.২৯ টকা প্ৰতি লিটাৰ। আনহাতে, ডিজেলৰ মূল্য বৃদ্ধি পাই হৈছেগৈ ৯৩.৬১ টকা প্ৰতি লিটাৰ।
ইন্ধনৰ এই লাগাতাৰ মূল্যবৃদ্ধিয়ে দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱাৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ পৰিবহণ খৰচ বৃদ্ধি পোৱাৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে।












