আজি সমগ্ৰ দেশতে যীচু খ্ৰীষ্টৰ পবিত্ৰ জন্মদিন অৰ্থাৎ বৰদিন (Christmas) উলহ-মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়, বেংক আৰু শিক্ষা প্ৰতিষ্ঠানত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। দেশৰ গিৰ্জাসমূহত বিশেষ প্ৰাৰ্থনা সভা আৰু আনন্দ উৎসৱৰ আয়োজন কৰা হৈছে।
আনহাতে, এই বছৰ উত্তৰ প্ৰদেশত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে। ৰাজ্যখনৰ বিদ্যালয়সমূহ আজি বন্ধৰ পৰিৱৰ্তে খোলা ৰখা হৈছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী (সু-শাসন দিৱস) উপলক্ষে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে বাজপেয়ীৰ আদৰ্শ আৰু তেওঁৰ জীৱনৰ ওপৰত আলোকপাত কৰি বিদ্যালয়সমূহত বিশেষ অনুষ্ঠান, কুইজ আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।











