অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

মণিপুৰত ‘চাংগাই উৎসৱ’ বৰ্জনৰ আহ্বান আৰু আৰ এছ এছ প্ৰধানৰ তাৎপৰ্যপূৰ্ণ ভ্ৰমণ

On: November 21, 2025 11:23 AM
Follow Us:
---Advertisement---

ইম্ফল, ২১ নৱেম্বৰ: মণিপুৰত আজিৰে পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান ‘চাংগাই উৎসৱ’ক লৈ সৃষ্টি হৈছে ব্যাপক উত্তেজনাৰ। ৰাজ্যখনত শান্তি ঘূৰি নহাৰ পৰিপ্ৰেক্ষিতত আৰু হাজাৰ হাজাৰ লোক এতিয়াও শিবিৰত আশ্ৰয় লৈ থকাৰ বাবে এই উৎসৱ বৰ্জনৰ আহ্বান দিছে ‘কৰ্ডিনেচন কমিটি অন মণিপুৰ ইণ্টিগ্ৰিটি’ (COCOMI) এ।

উৎসৱৰ বিৰোধিতা কৰি কালি ইম্ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ সংঘটিত হয়। প্ৰতিবাদকাৰীসকলে উৎসৱস্থলী ঘেৰাও কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়। প্ৰতিবাদকাৰীসকলৰ মতে, “ৰাজ্য জ্বলি থকা অৱস্থাত উৎসৱ পতাটো মানৱীয়তা বিৰোধী।”

ইপিনে, এই উত্তপ্ত পৰিস্থিতিৰ মাজতে তিনিদিনীয়া কাৰ্যসূচীৰে মণিপুৰত উপস্থিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুৰব্বী মোহন ভাগৱত। ২০২৩ চনৰ গোষ্ঠী সংঘৰ্ষৰ পাছত এয়া তেওঁৰ প্ৰথম মণিপুৰ ভ্ৰমণ। তেওঁ ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে “সামাজিক অনুশাসন” আৰু ধৈৰ্যৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে। বৰ্তমান ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন চলি থকাৰ সময়তে ভাগৱতৰ এই ভ্ৰমণ আৰু বিভিন্ন ফৈদৰ নেতাসকলৰ সৈতে তেওঁৰ ৰুদ্ধদ্বাৰ বৈঠকলৈ ৰাজনৈতিক মহলত বিশেষ চৰ্চা চলিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment