অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অভিযোগনামা দাখিল

On: December 12, 2025 2:03 PM
Follow Us:
---Advertisement---

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শুক্ৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কেবাহেজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বিশেষ তদন্তকাৰী গোটৰ মুখ্য তদন্তকাৰী বিষয়া ৰজি কলিতা, সহযোগী তদন্তকাৰী বিষয়া মৰমী দাসৰ নেতৃত্বত অহা এটা দলে আজি পুৱা ১১ বজাত বহু চৰ্চিত অভিযোগনামাখন দাখিল কৰে। অভিযোগনামাৰ সৈতে কেবাটাও বাকচত আৰু কম্পিউটাৰৰ চি পি ইউৰ জৰিয়তে আদালতত নথি-পত্ৰ দাখিল কৰা হৈছে। আইনী নিয়ম অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযোগ দাখিলৰ সময়সীমা হৈছে ৯০ দিন। কিন্তু তদন্তকাৰী বিষয়াই গোচৰ পঞ্জীয়নৰ পৰা ৮২ দিনৰ ভিতৰতে আজি আদালতত অভিযোগনামাখন দাখিল কৰে। উল্লেখযোগ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত জনতাৰ শিল্পী জুবিন গাৰ্গে শোকাবহ ভাবে মৃত্যুক সাৱটি লৈছিল। এই সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰে। কিন্তু দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে গোচৰত হত্যা সম্পৰ্কীয় ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে,আদালতত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই ১০৩ ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিয়াৰ বিধান  ভাৰতীয় ন্যায় সংহিতাত লিপিৱদ্ধ হৈ আছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment