অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

এইডছ দিৱস উপলক্ষে ধুবুৰীত সজাগতামূলক কাৰ্যসূচী

On: December 1, 2025 6:42 PM
Follow Us:
---Advertisement---

ধুবুৰী,১ডিচেম্বৰঃ আজি বিশ্ব এইডছ দিৱস উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে। ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসৰ নেতৃত্বত সমাজত এইডছৰ সজাগতা বৃদ্ধি কৰি এইডছ নিৰ্মূল কৰাৰ বাবে আজি ধুবুৰী চহৰত এক শোভাযাত্ৰা উলিওৱা হয়।জিলা স্বাস্থ্য বিভাগৰ অধীনত থকা বিভিন্ন কৰ্মচাৰী, নাৰ্ছ সকলে এই সমদলত অংশ গ্ৰহণ কৰি এইডছ ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাইজৰ আগত সজাগতা মূলক প্ৰচাৰ চলোৱা দেখা যায়। আনহাতে ধুবুৰী জিলাত এইডছ ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।
ধুবুৰী জিলা স্বাস্থ্য বিভাগে এইডছ ৰোগৰ নিৰ্মূল কৰণৰ বাবে জিলা খনত ব্যাপক ভাবে সজাগতামূলক কাম-কাজ চলাই থকাৰ সময়তে বৰ্তমানে ধুবুৰী জিলাত প্ৰায় ডেৰশৰ পৰা ২০০ এইডছ ৰোগী থকা বুলি জানিব পৰা গৈছে।
নিচাজাতীয় ড্ৰাগছ সেৱন অৰ্থাৎ দেহত বেজী ব্যৱহাৰ কৰাৰ বাবেই ধুবুৰী জিলাত এইডছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা বুলি আশংকা ব্যক্ত কৰিছে।স্বয়ং ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসে আজি সাংবাদিকৰ আগত এই ভয়াৱহ দিশৰ কথা সদৰি কৰি কয় যে, ধুবুৰী জিলাত পূৰ্বৰ তুলনাত এইডছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত নিচাজাতীয় ড্ৰাগছৰ বেজী লোৱা ৰোগীয়ে বেছি বুলি তেওঁ এক ভয়াৱহ তথ্য দাঙি ধৰে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment