ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সোমবাৰে ফ্ৰান্সৰ ৰাজধানী পেৰিছত তেওঁৰ ফ্ৰান্সৰ সমকক্ষ ইমানুৱেল মেক্ৰ’ণক (Emmanuel Macron) সাক্ষাত কৰে। ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউৰোপীয় দেশসমূহৰ পৰা অধিক সামৰিক আৰু আৰ্থিক সহায় বিচাৰি জেলেনস্কিয়ে এই গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰিছে।
এলিজী পেলেচত অনুষ্ঠিত হোৱা এই বৈঠকত দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ বাবে দীৰ্ঘম্যাদী সামৰিক সাহায্য, বিশেষকৈ ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰে। এই বৈঠকৰ পূৰ্বে ৰাছিয়াই কিভত মিছাইল আক্ৰমণ চলাইছিল, যাৰ ফলত ইউক্ৰেইনৰ বাবে জৰুৰীকালীন সাহায্যৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছে।
ফ্ৰান্সে ইউক্ৰেইনৰ পুনৰ নিৰ্মাণৰ বাবে অধিক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিছে। মেক্ৰ’ণে পুনৰ দোহাৰে যে ফ্ৰান্স ইউক্ৰেইনৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দৃঢ়সংকল্পবদ্ধ। জেলেনস্কিয়ে এই বৈঠকৰ জৰিয়তে ইউৰোপীয় একতা আৰু সমৰ্থনৰ বাবে ফ্ৰান্সক কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাছিয়াৰ সৈতে শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনাৰ মাজতে ইউক্ৰেইন আৰু ফ্ৰান্সৰ মাজৰ এই ঘনিষ্ঠতাই গুৰুত্ব লাভ কৰিছে।









