ঘৰৰ মাটিত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপৰ বাবে কালি বিচিচিআই-এ ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে। সুৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ঘোষিত এই দলটোত কেইবাটাও আশ্বৰ্যকৰ পৰিৱৰ্তন দেখা গৈছে।
- বাহিৰত শুভমন-জিতেশ: শেহতীয়া দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰিল তাৰকা বেটাৰ শুভমন গিল। একেদৰে উইকেটৰক্ষক বেটাৰ জিতেশ শৰ্মাৰ ঠাইত নিৰ্বাচকে পুনৰ ভৰসা কৰিছে ঈশান কিষাণৰ ওপৰত।
- অক্ষৰ পেটেল নতুন উপ-অধিনায়ক: শুভমন গিলৰ অনুপস্থিতিত অলৰাউণ্ডাৰ অক্ষৰ পেটেলক দলৰ নতুন উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।
- ঈশান আৰু ৰিংকুৰ প্ৰত্যাৱৰ্তন: ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শনৰ সুফল লাভ কৰিছে ঈশান কিষাণে। ইফালে ‘ফিনিচাৰ’ হিচাপে দলত স্থান সুনিশ্চিত কৰিছে ৰিংকু সিঙে।
📋 ভাৰতীয় দলটো:
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল (উপ-অধিনায়ক), সঞ্জু চামচন (উইকেটৰক্ষক), ঈশান কিষাণ (উইকেটৰক্ষক), ৰিংকু সিং, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, হৰ্ষিত ৰানা, কুলদীপ যাদব, ৱাশ্বিংটন সুন্দৰ আৰু বৰুণ চক্ৰৱৰ্তী।













