মঙলদৈত নিশা পথ দুৰ্ঘটনা। এজন যুৱক নিহত। আন এজন গুৰুতৰভাবে আহত। মঙলদৈৰ ইণ্ডাষ্ট্ৰি চৌকাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাজ নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। মঙলদৈ থানাৰ যান বাহন শাখাৰ কৰ্তব্যৰত আৰক্ষীৰ মতে দীঘিৰপাৰৰ পৰা মঙলদৈ চহৰৰ দিশে এ এছ ১৩ কিউ ৭৩৬৬ নম্বৰত পঞ্জীয়নভুক্ত দুচকীয়া বাহন এখনেৰে দুজন যুৱক আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। নিশা আৰক্ষীৰ তহলদাৰী দলে পথৰ কাষত পৰি থকা গুৰুতৰভাবে আহত দুই যুৱকক উদ্ধাৰ কৰে ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে এজনক মৃত ঘোষণা কৰে। মৃত যুৱক জনক মঙলদৈ থানাৰ অন্তৰ্গত আলেকজাৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী নীলকান্ত ডেকাৰ পুত্ৰ জ্যোতিস্ময় ডেকা ( ২৪) বুলি পিছত চিনাক্ত কৰা হয়। আনজন যুৱক একেখন গাঁৱৰে কুশ ডেকাৰ পুত্ৰ হীৰকজ্যোতি ডেকা ( ২৫) ক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। । ঘটনাটোৱে আলেকজাৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পেলায়।














