অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ

On: December 16, 2025 8:17 PM
Follow Us:
---Advertisement---

মঙলদৈৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান জিপচী গিল্ডৰ উদ্যোগত ১৬ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে পুথিচিত্ৰ কৰ্মশালা আৰু নৱম বাৰ্ষিক চুটি ছবি উৎসৱ । ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পুথিচিত্ৰ শিল্পী নগাওঁ নিবাসী সুজিত দাসৰ তত্বাৱধানত মঙলদৈত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই কৰ্মশালাত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে কলা প্ৰেমী যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে। দুদিনীয়া এই কৰ্মশালাৰ ইয়াৰ পূৰ্বে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই। এই অনুষ্ঠানতে বিশিষ্ট পুথিচিত্ৰ শিল্পী সুজিত দাসক উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়। সন্ধিয়ালৈ পুথিচিত্ৰৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। প্ৰদৰ্শনীখন উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী জেবিন আহমেদে। ইয়াৰ পিছতে আলতাফ মজিদ সোঁৱৰণী দুদিনীয়া চুটি ছবি উৎসৱ আৰম্ভ হয়। উদ্বোধনী চুটি ছবি হিচাপে অংকুৰ ডেকা পৰিচালিত ‘আবিষ্কাৰ’ প্ৰদৰ্শন কৰা হয়। চুটি ছবি উদ্বোধনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ চুটি ছবিৰ অগ্ৰণী ব্যক্তি আলতাফ মজিদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

WhatsApp Image 2025 12 16 at 8.11.44 PM মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ
WhatsApp Image 2025 12 16 at 8.09.38 PM 1 মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ
WhatsApp Image 2025 12 16 at 8.09.39 PM 1 মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ
WhatsApp Image 2025 12 16 at 8.09.39 PM মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ
WhatsApp Image 2025 12 16 at 8.09.37 PM 1 মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত পুথিচিত্ৰ কৰ্মশালা আৰু চুটি ছবি উৎসৱ

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment