বাক্সা জিলাৰ সংবাদদাতাঃ ২ ডিচেম্বৰঃ
বাক্সা জিলাৰ হজুৱাস্থিত ককলাবাৰী চাপাগুৰি কলেজৰ সন্মূখৰ পৰা ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ বিৰোধিতাৰে কালি আবেলি এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়। ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ বিৰোধিতাৰে ছাত্ৰ সংগঠনৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, বিটিচি চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব, নো জাস্তিছ নো ৰেচ আদি শ্লোগানেৰে বাক্সা জিলা হজুৱা উত্তাল হৈ পৰা পৰিলক্ষিত হয় । ছয় জনগোষ্ঠীক ST প্ৰদান কৰিলে ভৱিষ্যতে বড়ো জাতি বহু পৰিমাণে অসুবিধা হ’ব বুলি প্ৰাসংগিকতা আনি ছাত্ৰ সংগঠনে অসম চৰকাৰক ছয় জনগোষ্ঠীক ST প্ৰদান প্ৰসংগত পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনায়। ককলাবাৰী চাপাগুৰি কলেজৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলটো শিমলা বজাৰহৈ শিমলা থানালৈ গৈ পুনৰ ককলাবাৰী চাপাগুৰি কলেজত সামৰণি পৰে। এই সমদলত চাপাগুৰি অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
দামোদৰ তালুকদাৰ, বাক্সা, ০২/১২/২৫

















