দৰং জিলাৰ ভকতপাৰা নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাব জুনিয়ৰ কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী বাৰ্তালাপ কৰিব। সাংসদ খেল মহোৎসৱৰ সমূহীয়া সামৰণি কাৰ্যসূচী আৰু সুশাসন দিৱসৰ লগত সংগতি ৰাখি দেশ জুৰি আয়োজন কৰা অনুষ্ঠানক প্ৰধানমন্ত্ৰী মোডীয়ে দিনৰ ১১ বজাত সম্বোধন কৰাৰ লগতে দেশৰ নিৰ্বাচিত খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিব। দেশৰ কেইগৰাকীমান খেলুৱৈৰ লগতে অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে শান্তি কুমাৰী বড়োক এই বিশেষ কাৰ্যসূচীৰ নিৰ্বাচিত কৰা হয়। দৰং – ওদালগুৰি লোকসভা সমষ্টিৰ বাবে মঙলদৈৰ বিষ্ণু মন্দিৰ প্ৰাংগনত দিনৰ ১০ বজাৰ পৰা লোকসভা সমষ্টিটোৰ সাংসদ দিলীপ শইকীয়াৰ দ্বাৰা আয়োজন কৰা কাৰ্যসূচীত আন বহু খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া বিষয় ববীয়া আদিৰ সৈতে শান্তিয়ে প্ৰধান মন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ বাবে উপস্থিত থাকিব।
কাবাদী খেলুৱৈ শান্তি কুমাৰী বড়োৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী বাৰ্তালাপ কৰিব
By WPN Report
On: December 25, 2025 8:16 AM

---Advertisement---












