ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীযে অহা ২১ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় লোক সভা সমষ্টিৰ অন্তগৰ্ত নামৰূপত ১২ লাখ মেট্ৰিকটন উৎপাদন ক্ষমতাৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ অসম ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী গৰাকী এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দল আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ ব্যস্ততা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।দেশৰ প্ৰধানন্ত্ৰীগৰাকী আগমনৰ সময়ত যাতে সকলো দিশতে সুচাৰু ৰূপে সাফল্যমণ্ডিত হয় তাৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে।কালি ডিমৌ বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰধানমন্ত্ৰী মহোদয়ৰ অনুষ্ঠানৰ বাবে নাহৰকটীয়া সমষ্টিৰ প্ৰভাৰী সুশান্ত বৰগোঁহাই, আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু প্ৰভাৰী ইন্দ্ৰ গগৈৰ উপস্থিতিত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি, নাহৰকটীয়া মণ্ডল, জয়পুৰ মণ্ডল আৰু নাহৰণি মণ্ডলৰ মাননীয় সভাপতিসকল, সাধাৰণ সম্পাদকসকল, জিলা পৰিষদৰ সদস্যসকল, নাহৰকটীয়া আৰু নামৰূপ পৌৰবসভাৰ পৌৰপতিসকল, পঞ্চায়ত সভাপতিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।এই আলোচনা কালত সকলোৰে মত প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী আগমন যাতে সকলো ক্ষেত্ৰতে পৰিপাটি আৰু সাফল্যমণ্ডিত হয় আৰু নাহৰকটীয়া সমষ্টি তথা ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হব আৰু সকলোৰে এই গুৰুত্বপূৰ্ণ দিনটো তথা কাৰ্য্যসূচী সফলভাবে অনুষ্ঠিত কৰিবলৈ নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব।















