অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দৰংত আৰক্ষীৰ সফলতা: জয়পুৰত চুৰিৰ ঘটনাত জড়িত কুখ্যাত অপৰাধী গ্ৰেপ্তাৰ, ৩.৫ লাখ টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ

On: December 16, 2025 7:34 PM
Follow Us:
---Advertisement---

দৰং জিলাৰ ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ অধীনস্থ জয়পুৰ গাঁৱত সোমবাৰে দুপৰীয়া এটা চুৰি গোচৰৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি, উক্ত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী দীপজ্যোতি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জিয়াৰুল ইছলাম (২৪) নামৰ এজন কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হয়। অভিযুক্ত জিয়াৰুল ইছলাম ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ন-খুণ্ডা – বিষ্ণুপুৰ গাঁৱৰ নিবাসী। পৰৱৰ্তী সময়ত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বাইহাটা চাৰিআলিত অভিযুক্তজনে দেখুৱাই দিয়া গোপন স্থানৰ পৰা প্ৰায় ৩.৫ লাখ টকা মূল্যৰ চুৰি হোৱা সোণ আৰু ৰূপৰ অলংকাৰকে ধৰি অন্যান্য চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মঙলবাৰে আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment