পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত নিজৰ গোচৰ সন্দৰ্ভত ব্যক্তিগতভাৱে উপস্থিত থাকে।
নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ তেওঁ নিজৰ যুক্তি দৰ্শায়। মমতা বেনাৰ্জীৰ মতে, এই প্ৰক্ৰিয়াত কোনো ভোটাৰ যাতে তালিকাৰ পৰা বাদ নপৰে, সেয়া নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।
উল্লেখযোগ্য যে, অনুমতি লাভ কৰিলে তেওঁ উচ্চতম ন্যায়ালয়ত Petitioner-in-person হিচাপে গোচৰ তৰা কৰ্তব্যৰত মুখ্যমন্ত্ৰী হিচাপে এক বিৰল উদাহৰণ সৃষ্টি কৰিব।











