অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

মধুপুৰ মহোৎসৱৰ সামৰণি, হৰিনামেৰে মুখৰিত উত্তৰ বংগৰ ৰাজপথ

On: December 26, 2025 2:52 PM
Follow Us:
---Advertisement---

কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত মধুপুৰ মহোৎসৱৰ বৃহস্পতিবাৰে সামৰণি পৰে৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা মধুপুৰ মহোৎসৱৰ আজি পুৱা মধুপুৰ সত্ৰৰ প্ৰসংগৰ পিছত ভাগৱত শোভযাত্ৰা উলিওৱা হয়৷শৰণাচাৰ্য বীৰেন্দ্ৰ নাথ পাঠকে ভাগৱত বহন কৰা ভাগৱত শোভাযাত্ৰাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাস,জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকত প্ৰমুখ্যে সত্ৰাধিকাৰ সকল, নামকীৰ্ত্তনৰ দল,আই সকল আৰু বাপু সকলে অংশ গ্ৰহণ কৰে৷ভাগৱত শোভাযাত্ৰা পৰিভ্ৰমণ কৰি হৰিনামেৰে মুখৰিত হৈ পৰে উত্তৰ বংগৰ ৰাজপথ।শোভাযাত্ৰাৰ অন্তত মধুপুৰ সত্ৰৰ কীৰ্তন ঘৰত পালনাম অনুষ্ঠিত হয়। সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজাৰ পৰিচালনাত অনুষ্ঠিত পালনামৰ শেষত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে থানৰ বাতৰি বৰ্ণনা কৰে৷দুপৰীয়া সত্ৰ চৌহদত থিয়নাম সমাৰেহ অনুষ্ঠিত হয়।

থিয়নাম সমাৰোহত বাৰাদি সত্ৰ, কালঝাৰ সত্ৰ,হাউলীৰ মৌটুপৰি নামদল,জিনকাটা সত্ৰ আদি কৰি কেবাটাও নামদলে অংশ গ্ৰহণ কৰে। বিয়লি মধুপুৰ মহোৎসৱ উপলক্ষে অনুষ্ঠিত সভাত উৰিষ্যাৰ বিশিষ্ট শিক্ষাবিদ ড° শৰৎ কুমাৰ জেনাই মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা উন্মোচন কৰি দিয়া ভাষণত মহাপুৰুষ জনাৰ দৰ্শনৰ ওপৰত বিশদ ব্যাখ্যা দাঙি ধৰে৷উক্ত অনুষ্ঠানত মধুপুৰ মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই দিয়া ভাষণত অঞ্জন কুমাৰ শৰ্মাই মহাপুৰুষ গৰাকীৰ বিষয়ে কয় যে পঞ্চদশ শতিকাত জন্ম গ্ৰহণ কৰা অৱতাৰী পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি বৰ অসম গঢ়িছিল বুলি উল্লেখ কৰে৷মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে আগবাঢ়ি আহিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷মধুপুৰ মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক হৰিদেৱ দাস আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে আঁত ধৰা সভাত আন কেবাজনো বক্তাই ভাষণ দিয়ে৷ইপিনে উত্তৰ বংগৰ মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ আজি অভিষেক উৎসৱ অনুষ্ঠিত হয়৷মধুপুৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা মধুপুৰ সত্ৰত পালনাম সামৰণি পৰাৰ পিছত তিনিও ৰাজ্যৰ বন্দনীয় থান মহাপুৰুষ শ্ৰীশ্ৰী মাধবদেৱ স্থাপিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে বৰপেটা সত্ৰৰ মালা নিৰ্মালী দি গুৰুজনাৰ দেহত্যাগৰ পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰি গুৰুজনাৰ আদৰ্শৰে আগবাঢ়িবলৈ দায়িত্ব অৰ্পন কৰে৷আজিৰ অভিষেক উৎসৱত সত্ৰশালৰ ৰামৰাই কুঠী সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানী, জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ বিমল চন্দ্ৰ ভকত,কোচবিহাৰৰ হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল সূত্ৰধাৰ,শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সম্পাদক শৰণাচাৰ্য্য বীৰেন্দ্ৰ নাথ পাঠক,বৰপেটা সত্ৰ চৌহদত স্থাপিত শংকৰদেৱ সমাজৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাস,সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া গুনীন্দ্ৰ নাথ ওজাৰ লগতে বৰপেটা বাৰাদি সত্ৰৰ ভকত আৰু উত্তৰ বংগৰ সত্ৰ সমুহৰ ভকত উপস্থিত থাকে৷

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment