দুজন বন্ধুৰ মাজত হোৱা কাজিয়াৰ পিছতে এজনে আনজনলৈ গুলিবৰ্ষন
দৰঙৰ খাৰুপেটীয়াৰ মাজমজিয়াত কালি নিশা সংঘটিত গুলি চালনাৰ ঘটনাৰ পিছত সমগ্ৰ খাৰুপেটীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে কালি নিশা খাৰুপেটীয়া গোপালনগৰত অৱস্থিত মা প্ৰমিলা জুৱেলাৰী দোকানৰ ভিতৰত সংঘটিত হল এক ভয়ানক গুলীচালনাৰ ঘটনা৷ গুলীচালনাত গোপালনগৰৰ অভিজিত সাহা @ মুন্না সাহা নামৰ যুৱক এজন গুলীবিদ্ধ হৈ বৰ্তমান গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ মুন্না সাহা ৰ বুকুত তিনি তা গুলি সোমাই গুলীচালনা ঘটনাৰ খবৰ পাই খাৰুপেটীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইটালীত নিৰ্মিত এটা অটোমেটিক পিষ্টল, দুইজাই সজীৱ গুলী উদ্ধাৰ হোৱাৰ লগতে অভিযুক্ত অনন্ত বিশ্বাসক আটক কৰে৷
ইপিনে গুলীচাললনাৰ ঘটনাক লৈ স্থানীয় ৰাইজে কয় মুন্না সাহা এজন সূদৰ ব্যৱসায়ী৷ প্ৰায় এবছৰ পূৰ্বে মুন্নাই অনন্তক দুই লাখ টকা সূদত দিছিল৷ তাৰে এক লাখ টকা সূদসহ অনন্তই ঘুৰাই দিয়ে আন এক লাখ টকাৰ বাবদ মুন্নাই অনন্তক হেঁচা প্ৰদান কৰাৰ লগতে দাবী ধমকিও দিছিল৷ এই কথা অনন্তৰ পিতৃয়ে জানিব দিয়ে৷ সোমবাৰে নিশা প্ৰায় ন বজাত মুন্না সাহা অনন্তৰ বিশ্বাসৰ জুৱেলাৰী দোকানলৈ টকা বিচাৰি যায় আৰু মদ্যপান কৰে৷ মদ্যপান কৰি থকাৰ মাজতে সূদৰ টকাক লৈ দুজনে প্ৰথমে মাজত কথা কটাকটি আৰু কাজিয়াৰ সৃষ্টি হয়৷ অভিযোগ অনুসৰি কাজিয়াৰ সময়তে মুন্না সাহা পিষ্টল উলিৱাই অনন্ত বিশ্বাসক ধমকি দিয়ে যদিও অনন্তই পিষ্টল কাঢ়ি মুন্নাৰ বুকুত তিনি ৰাউন্ড গুলিবৰ্ষন কৰে৷
ইপিনে অনুজ্ঞাপত্ৰ বিহীন বিদেশী পিষ্টলক লৈ খাৰুপেটীয়াত চাঞ্চল্যৰ বিৰাজ কৰিছে ৷ ঘটনা সন্দৰ্ভত দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি তালুকদাৰে জানিব দিয়া মতে মুন্না সাহাৰ পিষ্টলটো অৱৈধ আছিল আৰু পিষ্টল মুন্নাই আনিছিল৷ আৰক্ষীৰ তালাচীত দোকানখনৰ ভিতৰৰ পৰা এতিয়ালৈ এটা খালী কাৰ্টুজ উদ্ধাৰ কৰে৷












