দৰং আৰক্ষীয়ে ভাৰত বিৰোধী জেহাদী কাৰ্যকলাপত জৰিত থকাৰ অভিযোগত খাৰুপেটীয়া আৰক্ষী থানা ৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁও ৰ মুনচেৰ আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।
মুনচেৰ আলি Arakan Rohingya Salvation Army আৰু Tahrik -E- Taliban Pakistan নামৰ ভাৰত বিৰোধী জেহাদী সংগঠনৰ লগত সুসম্পৰ্ক থকাৰ আৰক্ষীয়ে তথ্য লাভ কৰিছে।
অভিযুক্ত আলি কিছুদিন পূৰ্বে কৰ্মস্হলী তামিলনাডুৰ পৰা খাৰুপেটীয়া লৈ উভতি আহিছিল।
ধৃত মুনচেৰে Social Media যোগে বাংলাদেশী উগ্ৰপন্থীৰ লগত আছিল সুসম্পৰ্ক বজাই আহিছে ।। খাৰুপেটীয়া ৰ লগতে ৰাজ্যৰ বহু কেইটা ঠাইত কুটাঘাতৰো পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে।
খাৰুপেটীয়া আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৪৭/১৪৮/১৫২/১৯৬ নম্বৰ আৰু R/W ধাৰা ৩৯(২) UA (P) ৰ অধীনত ১৩৪/ ২০২৫ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে ধৃত মুনচেৰক আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।।












