চিলিৰ ছেণ্টিয়াগোত চলি থকা এফ.আই.এইচ. জুনিয়ৰ মহিলা বিশ্বকাপ হকী-২০২৫ ত ভাৰতে এক গুৰুত্বপূৰ্ণ খেলত আয়াৰলেণ্ডক ৪-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে। এই জয়েৰে ভাৰতে পুল ‘চি’ৰ শীৰ্ষ স্থান দখল কৰিছে যদিও কোৱাৰ্টাৰ ফাইনেললৈ যোৱাৰ বাবে দলটোৱে আন গ্ৰুপৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব।
ভাৰতৰ হৈ পূৰ্ণিমা যাদৱে দুটা (৪২’, ৫৮’) আকৰ্ষণীয় গ’ল দিয়ে। ইয়াৰ উপৰিও কণিকা ছিৱাছে (১২’) আৰম্ভণিতে আৰু সাক্ষী ৰাণাই (৫৭’) শেষৰ ফালে এটাকৈ গ’ল দি ভাৰতক এক শক্তিশালী বিজয় দিয়াত সহায় কৰে। আৰম্ভণিৰে পৰা ভাৰতীয় দলটোৱে আক্ৰমণাত্মক প্ৰদৰ্শন দাঙি ধৰিছিল আৰু আয়াৰলেণ্ডৰ প্ৰতিৰক্ষাক নিৰন্তৰ হেঁচাত ৰাখিছিল। এই বিজয়ে ভাৰতীয় দলটোক টুৰ্ণামেণ্টত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাস যোগাইছে।













