নামৰূপ সাৰকাৰখানাত বৰ্তমান উৎপাদনক্ষম হৈ থকা তৃতীয় গোটত দেওবাৰে সন্ধিয়া প্ৰায় সাত বজাত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি গোটটোৰ এমনিয়া প্লান্টৰ Process Air Compressor ত সন্ধিয়া সাত বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু জুইৰ লেলিহান শিখাৰে আৱৰি ধৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই প্ৰায় ৪৫ মিনিটৰ পাছত সাৰকাৰখানাৰ নিজা অগ্নি নিৰ্বাপক বাহিনী, নিকৱৰ্তী এপিএল, নাহৰকটীয়া ৰাজ্যিক অগ্নিোনিৰ্বাপক বাহিনী, দুলীয়াজান অইল , থাৰ্মেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হয়। সাৰকাৰখানাৰ বিষয়া পংকজ গগৈৰ ভাষ্য অনুসৰি সৌভাগ্যক্ৰমে উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই আৰু এতিয়ালৈকে ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই । এক সুত্ৰৰ তথ্য অনুসৰি অগ্নিকাণ্ডৰ ফলত Air Compressor সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ ধ্বংস হয় আৰু সাৰকাৰখানাৰ অগ্নিনিৰ্বাপক বাহিনী দুৰ্ঘটনা সংঘটিত হোৱা মাত্ৰকে উপস্থিত হোৱাৰ বাবেই এটা বৃহৎ অঘটনৰ পৰা নামৰূপ চহৰখন ৰক্ষা পৰে ৷ উল্লেখ্য যে ২১ ডিচেম্বৰত সাৰকাৰখানা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নামৰূপত উপস্থিত হ’ব । নতুন গোটটো নিৰ্মান হ’বলৈ প্ৰায় চাৰি-পাঁচ বছৰৰ প্ৰয়োজন। এই সময়ছোৱাত নতুন গোট সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ইয়াত কৰ্মৰত প্ৰায় চাৰি শতাধিক স্থায়ী বিষয়া- কৰ্মচাৰী আৰু প্ৰায় ১২০০ অস্থায়ী কৰ্মচাৰীৰ ভৱিষ্যত এই তৃতীয় গোটতো ওপৰত নিৰ্ভৰশীল ৷ সেয়ে এই দুৰ্ঘটনাই নামৰূপৰ জনতালৈ এক শংকা কঢ়িয়াই আনিছে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।
নামৰূপ সাৰকাৰখানত ভয়াবহ অগ্নিকাণ্ড ৷৷ তৃতীয় গোটৰ এয়াৰ কম্পেছৰত সংঘটিত হয় অগ্নিকাণ্ড
By WPN Report
On: December 8, 2025 4:31 PM

---Advertisement---












