অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

On: December 19, 2025 7:21 PM
Follow Us:
---Advertisement---

অসম চৰকাৰে চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলসমূহ আৰু জলাশয় সমূহ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে আজি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি পুৱা ৮-০০ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে । আজিৰ এই উচ্ছেদ অভিযানত প্ৰায় ৮০ বিঘা হেক্টৰ মাটিৰে আবৃত গেৰেকণী বিলৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ ভূমিখণ্ড বেদখলমুক্ত কৰা হয় ।উল্লেখযোগ্য যে, উক্ত অঞ্চলসমূহৰ মুষ্টিমেয় কিছুসংখ্যক মানুহে এই গেৰেকণী বিলখনক পাৰ বান্ধি বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰি বহু বছৰ ধৰি অবৈধভাৱে বেদখল কৰি মাছৰ ব্যৱসায় কৰি আছিল । যাৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্র অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষতিসাধন হৈছিল।

আজিৰ এই উচ্ছেদ অভিযানত ফকলেন – এস্কেভেটৰ লগাই পুখুৰীসমূহৰ পাৰৰ বান্ধসমূহ ভাঙি মাটিসমূহ বেদখলমুক্ত কৰা হয় । আজিৰ উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে সমাপন হয় আৰু বিলখন সম্পূৰ্ণভাৱে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment