ধেমাজি
৩ ডিচেম্বৰ, ২০২৫
দিব্যাংগ মঞ্চ অসম, ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত আজি ধেমাজি বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত ‘আন্তজাৰ্তিক দিব্যাংগ দিৱস’ উদযাপন কৰা হয়৷

অনুষ্ঠানত ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, অতিৰিক্ত আয়ুক্ত কুলদীপ হাজৰিকা, অধিবক্তা গোপীনাথ সন্দিকৈ, ধেমাজি নগৰ প্ৰাধিকৰণৰ অধ্যক্ষ তুলন কোঁৱৰ, ধেমাজি বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চক্ৰবতী বৰগোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি দিবাংগসকলৰ কল্যাণ আৰু ন্যায়প্ৰাপ্তিৰ হকে বক্তব্য ৰাখে৷
ইপিনে ধেমাজি জিলাৰ সমগ্ৰ শিক্ষাৰ সৰ্বাত্মক শিক্ষা গোটৰ উদ্যোগত আজি জিলাখনৰ তিনিওটা শিক্ষাখণ্ডত আন্তৰাষ্ট্ৰীয় দিবাংগ দিৱস উদযাপন কৰা হয়৷
জিলাখনৰ ধেমাজি মৰিধল কঠালগুৰি প্ৰাথমিক বিদ্যালয়, গোগামুখ চেতিয়াগাঁও প্ৰাথমিক বিদ্যালয় আৰু জোনাইৰ তেলাম গামচুক প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসুচী অনুষ্ঠিত হয়৷

যোৱা ২৭ নৱেম্বৰৰপৰা ৩ ডিচেম্বৰলৈকে জিলাখনৰ তিনিওটা শিক্ষাখণ্ডত সপ্তাহজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কাৰ্যসুচীত পিতৃ-মাতৃ অভিভাৱক সন্মিলন, দিবাংগ শিশুসকলৰ স্বাস্থ্য পৰীক্ষা, বৃক্ষৰোপন, দিবাংগ শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালি, সাংস্কৃতিক কাৰ্যসুচীৰ লগতে ফিজিওথেৰাপি চিকিৎসা প্ৰদান কৰা হয়৷
ইফালে আজি ধেমাজি কঠালগুৰি প্ৰাথমিক বিদ্যালয়ত আয়োজিত দিবাংগ সপ্তাহৰ সামৰণি কাৰ্যসুচীত মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈ, জিলা আঁচনি বিষয়া অৱনী নাথ, ড° হিৰণ্য গগৈ, শিক্ষয়িত্ৰী বন্দনা দত্ত হাজৰিকা, শিক্ষা বিষয়া বনমালী পেগু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷













