ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে (১১ ডিচেম্বৰ) দৰঙতো আয়োজিত হয় ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱসৰ কাৰ্য্যসূচী। এই দিৱস আৰু সপ্তাহজোৰা কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি পূব-মঙলদৈ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হয় শুভ উদ্বোধনী অনুষ্ঠান। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দিল্লীৰাম অধিকাৰীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি সপ্তাহজোৰা কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে।অনুষ্ঠানটো উদ্ধোধন কৰি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ,পেলু নিৰ্মূলৰ বাবে খুওৱা এলবেন্ডাজল টেবলেট একেবাৰেই নিৰাপদ। ইয়াক চোবাই খালে অধিক সুফল পোৱা যায়। পেলুৰ ফলতেই ৰক্তহীনতাৰ দৰে ৰোগত আক্ৰান্ত হয় শিশু তথা কিশোৰ- কিশোৰী সকল। সেয়ে ছমাহৰ অন্তৰে অন্তৰে পেলুৰ দৰৱ খোৱাটো অতিকেই জৰুৰী।ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি তেওঁ লগতে কয় যে , পেলুমুক্ত হলেহে খোৱা খাদ্যৰ পৰা পোৱা পুষ্টি সম্পূৰ্ণৰূপে শৰীৰে পায়। সেয়ে নিজক পেলু মুক্ত কৰি ৰাখিবৰ বাবে দৰৱ খোৱাৰ লগতে চাফ চিকুনতাও বজাই ৰাখিব লাগে। অনুষ্ঠানটিত ধূলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ জাহানাৰা খানম, বিদ্যালয়খনৰ অধ্যক্ষ কুশল কলিতা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নবী শৰ্মা,জিলা সামূহিক সংগঠক মল্লিকা দেৱী, জিলা আঁচনি সমন্বয়ক গীতিকা দত্ত, পোষণ অভিযানৰ জিলা সমন্বয়ক পাৰ্ভেজ মেহদি, সমগ্ৰ শিক্ষা অভিযানৰ ৰিফাট আহমেদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰিদিপ গোস্বামীৰ লগতে খণ্ড পৰ্যায়ৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী তথা শতাধিক ছাত্ৰ -ছাত্ৰী উপস্থিত থাকে ।এই অনুষ্ঠানতেই কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক পেলু নিৰ্মূলৰ দৰৱ খুওৱা হয়। উল্লেখ্য যে এই কাৰ্যসূচীৰ সময়ছোৱাত জিলাখনৰ ১-১৯ বছৰৰ বয়স পৰ্য্যন্ত শিশু তথা কিশোৰ কিশোৰীক পেলু নিৰ্মূলৰ দৰৱ খুওৱা হব। প্ৰতিখন বিদ্যালয় আৰু অংগনৱাদী কেন্দ্ৰতেইএই কাৰ্য্যসূচী ৰূপায়ন কৰা হব।














