অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দৰঙত অধিক উৎপাদনক্ষম ৰঙালাও খেতি কৰি বৃহৎ লোকচানৰ সন্মুখীন শতাধিক কৃষক

On: December 15, 2025 6:23 PM
Follow Us:
---Advertisement---

দৰং জিলাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ পূবত গাতে লাগি থকা ৰৌমাৰী পঞ্চায়তৰ চাপৰিত অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰি ৰঙালাও খেতি কৰিবলৈ গৈ অঞ্চলটোৰ শতাধিক কৃষক এইবাৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। অঞ্চলটোৰ গৰুখুটি, কানিয়াটাৰী, ঘাটৰ আগ্ , বৰাচুবা, দেবানন্দ, সাতখলি আদি বহু কেইখন গাঁৱৰ কৃষক ৰাইজে ই ডব্লিউ ১৩৭ এফ ১ প্ৰজাতিৰ অধিক উৎপাদনক্ষম বীজ ক্ৰয় কৰি পূৰ্বৰ দৰে এইবাৰো ১০/১২ হাজাৰ বিঘা মাটিত ৰঙালাও খেতি কৰে যদিও উৎপাদন পূৰ্বৰ তুলনাত গড়ে ১০/১২ শতাংশহে লাভ কৰে । কৃষি বিভাগৰ ৰাজ্যিক বঁটা প্ৰাপক দেবানন্দ গাঁৱৰ প্ৰগতিশীল কৃষক গোবিন্দ ডেকাই WPN ৰ প্ৰতিবেদকক জনোৱা মতে যোৱা বছৰ প্ৰতি বিঘাত গড়ে ৩৫ ৰ পৰা ৪০ কুইন্টল উৎপাদন লাভ কৰি অঞ্চলটোৰ মান সম্পন্ন ৰঙালাওৱে অসম, পশ্চিম বংগকে চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিছিল। বিঘাই প্ৰতি ২০/২৫ হাজাৰ পৰ্যন্ত কেৱল লাভ উপাৰ্জন কৰিছিল যাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়া যোগে অঞ্চলটোৰ ৰঙালাও খেতিৰ উচ্চ প্ৰশংসা কৰি নৱ প্ৰজন্মক উৎসাহিত কৰিছিল। সেই একে অঞ্চলত এই বছৰ ৰঙালাওৰ উৎপাদন ৫/৬ কুইন্টললৈকে হ্ৰাস পাইছে। খেতিৰ পৰা কৃষক সকল সেয়ে লাভবান হোৱা দূৰৰ কথা লোকচানৰহে সন্মুখীন হৈছে। শস্য চপোৱাৰ কেবা সপ্তাহ সময় উকলি যোৱাৰ পিছতো তেওঁলোকে এইবাৰ বজাৰৰ বাবেও হাঁহাকাৰ কৰিব লগীয়া। কৃষক ৰাইজে বিষয়টো স্হানীয় কৃষি বিভাগক অৱগত কৰাত কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াই শেহতীয়াকৈ অঞ্চলটোৰ ৰঙালাও খেতি পৰিদৰ্শন কৰি বীজ আৰু মাটিৰ নমুনা সংগ্ৰহ কৰি গুণাগুণ নিৰ্ণয়ৰ বাবে ৰাজ্যিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰে যদিও এই পৰ্যন্ত ফলাফল কৃষক সকলক অৱগত কৰা নাই।।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment