৫২ কোটি টকা বিনিয়োগেৰে নিৰ্মিত অত্যাধুনিক শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।
৮০০খন আসনৰ সুব্যৱস্থা থকা এই আধুনিক প্ৰেক্ষাগৃহটো সংস্কৃতি, কলা আৰু বিভিন্ন আন্তৰ্জাতিক অনুষ্ঠানৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।
প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰিব অসম ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰেক্ষাগৃহে অসমৰ সাংস্কৃতিক পৰিচয়ক আন্তৰ্জাতিক পৰ্যায়ত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।













