অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দলগাঁৱত ড্ৰাগছ সহ পাঁচ জনক আটক

On: December 22, 2025 11:02 AM
Follow Us:
---Advertisement---

দলগাঁৱৰ অন্তৰ্গত শিলবৰীত দলগাঁও থানাৰ আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । চাবোনৰ বস্কত ৩৮ গ্ৰাম ড্ৰাগছ আৰু চাৰিটা মোৱাইল ফোন জব্দ কৰে দলগাঁও থানাৰ আৰক্ষীয়ে । নৱ নিযুক্ত দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতা নেতৃত্বত দলগাঁৱৰ এডল আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি শিলবৰীত অভিযান চলাই ড্ৰাগছ জব্দ কৰা লগতে পাঁচ জনক আটক কৰিবলৈ সক্ষম হৈছে। দলগাঁও থানাৰ আৰক্ষীয়ে আটক কৰে বাহাৰুল ইছলাম(ফটাশিমলু), মহৰ আলি (বিলধূপগুৰি), ফাৰহাদুল ইছলাম (ৰহমানপুৰ), আব্দুল আলি(বিলধূপগুৰি) পাৰবিনা খাতুন (কৌপাটী গাঁৱত) ঘৰ বুলি জানিব পৰা গৈছে। দলগাঁও থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Dalgaon1 দলগাঁৱত ড্ৰাগছ সহ পাঁচ জনক আটক

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment