বিশ্বৰ প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সুখবৰ………
মালদ্বীপৰ স্থানীয় সামুদ্ৰিক জীৱবিজ্ঞানী আৰু অষ্ট্ৰেলিয়ান ইনষ্টিটিউট অফ মেৰিন চায়েন্সৰ (AIMS) বিজ্ঞানীসকলৰ এক গোটৰ সহযোগী প্ৰচেষ্টাত দেশখনৰ প্ৰবাল প্ৰাচীৰসমূহ (Coral Reefs) সফলতাৰে পুনৰুদ্ধাৰ কৰাৰ এক বৃহৎ খবৰ পোহৰলৈ আহিছে। তেওঁলোকে উদ্ভাৱনী ‘ৰীফ গাৰ্ডেনিং’ (Reef Gardening) কৌশল আৰু বিশেষকৈ ‘ৰীফচিড’ (ReefSeed) নামৰ এক বহনক্ষম একুৱাকালচাৰ পদ্ধতি ব্যৱহাৰ কৰিছে।
মালদ্বীপ মেৰিন ৰিচাৰ্চ ইনষ্টিটিউটৰ (MMRI) স্থানীয় বিশেষজ্ঞসকলক এই উন্নত প্ৰণালীৰে প্ৰশিক্ষণ দিয়া হৈছিল। তেওঁলোকে এই প্ৰণালী ব্যৱহাৰ কৰি চাৰিটা প্ৰজাতিৰ ৩ মিলিয়নতকৈ অধিক প্ৰবালৰ লাভা উৎপাদন কৰে আৰু ৯ টা বেলেগ বেলেগ প্ৰবাল প্ৰাচীৰ অঞ্চলত ১০,০০০ তকৈ অধিক নতুন প্ৰবাল স্থাপন কৰিবলৈ সক্ষম হয়।
এই সফলতাৰ ফলত আশাৰ সঞ্চাৰ হৈছে, কিয়নো গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ব্লিচিং (bleaching) ঘটনাৰ দ্বাৰা মালদ্বীপৰ প্ৰবাল প্ৰাচীৰসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ‘ৰীফচিড’ৰ দৰে উদ্ভাৱনী কৌশলে বিশ্বৰ আটাইতকৈ দূৰৱৰ্তী দ্বীপ অঞ্চলসমূহত প্ৰবাল প্ৰাচীৰ সংৰক্ষণৰ বাবে এক শক্তিশালী মডেল স্থাপন কৰিছে। এই প্ৰকল্পত ভাৰতৰ সহযোগী সংস্থা চি এছ আই আৰ অ’ৰ (CSIRO) বিজ্ঞানীসকলেও অংশ লৈছিল।









