সত্ৰৰ মাটি ব্যক্তি বিশেষৰ নামত জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ উত্থাপিত বৰপেটাৰ পূৰ্বৰ অতিৰিক্ত জিলা আয়ুক্ত তথা অসম অসামৰিক সেৱাৰ বিষয়া জয়ন্ত বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তিনিজনীয়া এটা দল বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। তদাৰকী কোষৰ বিষয়া শ্যামল বনিয়াৰ নেতৃত্বত বৰপেটাত উপস্থিত হোৱা দলটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ শাখাত প্ৰৱেশ কৰি বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰে। অৱশ্যে জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা সম্প্ৰতি ছুটীত থকাত তদন্তকাৰী দলটোৱে আজি আধৰুৱাকৈ প্ৰক্ৰিয়াটো এৰি পুনৰ গুৱাহাটীলৈ ৰাওনা হয়। উল্লেখযোগ্য যে বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰূপে এক বছৰ আঠ মাহ কাৰ্যনিৰ্বাহ কৰা জয়ন্ত বৰাক অলপতে
শ্ৰীভূমিলৈ বদলি কৰা হয়। এই বদলিৰ পিছতে বৰাৰ বিৰুদ্ধে জিলা আয়ুক্ত ঝাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত উক্ত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত তদাৰকী কোষত ৩৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰৰ ভিত্তিতে আজি তদন্তকাৰী দল বৰপেটাত উপস্থিত হয়।
সত্ৰৰ মাটি কেলেংকাৰী: মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত ACS বিষয়া জয়ন্ত বৰা!
By WPN Report
On: December 23, 2025 5:46 PM

---Advertisement---












