অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি বৰাকত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা

On: December 6, 2025 3:06 PM
Follow Us:
---Advertisement---

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচীৰে ৬ ডিচেম্বৰ শণিবাৰে শিলচৰলৈ আহিব। এই দুদিনীয়া ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে আজি হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ ৰাওনা হ’ব ড. শৰ্মা। তাত পুৱা ১১:১৫ বজাত হাইলাকান্দি খেলপথাৰত আয়োজিত ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা’ অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। ইয়াৰ পিছতে দুপৰীয়া ১:১৫ বজাত কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰজালেংগা খেলপথাৰত আয়োজিত ‘মহিলা উদ্যমিতা অভিযান ‘ আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে।

কাইলৈ অৰ্থাৎ দেওবাৰে পুৱা ১০:৩০ বজাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বহু প্ৰত্যাশিত শিলচৰৰ মধুৰাঘাট দলঙৰ আধাৰশিলা স্থাপন কৰিব। মন কৰিবলগীয়া যে এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে বৃহত্তৰ মধুৰাকে ধৰি আশে-পাশে থকা অঞ্চলৰ সৈতে আন্তঃজিলা যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰ হ’ব। আধাৰশিলা স্থাপনৰ অন্তত পুৱা ১১:৩০ বজাত জিলাৰ উধাৰবন্দ ডিএনএইচএছ খেলপথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রী গুৱাহাটীলৈ উভতি যাব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment