সমগ্ৰ ভাৰতৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে ৬৩ সংখ্যক অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস আয়োজন কৰিছে। তিনিচুকীয়া জিলাতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বৰগুৰিস্থিত তিনিচুকীয়া কাৰ্যালয়ত এই কাৰ্যসূচী আয়োজন কৰিছে। আনহাতে কেন্দ্ৰীয় কাৰ্যসূচী গুৱাহাটীৰ পানীখাইটিত থকা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত আয়োজন কৰিছে। দিৱস উপলক্ষে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ সস্ত্ৰ সঞ্চালনৰ সমৰ কলা প্রদর্শন কৰিব। আনহাতে, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা বহি:ৰাষ্ট্ৰৰ যুদ্ধৰ সময়ত, আক্ৰমনৰ সময়ত লব লগা সাৱধানতা আৰু উদ্ধাৰৰ মকড্ৰিল প্ৰদৰ্শন কৰিব। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান, অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে অংশ গ্ৰহণ কৰিব।
আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস
By WPN Report
On: December 6, 2025 2:39 PM
---Advertisement---












