অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

বড়ো লেখক সংস্থাৰ প্ৰয়াস চিৰাঙত বড়ো সংগ্ৰহালয় মুকলি

On: December 17, 2025 10:25 AM
Follow Us:
---Advertisement---

কাজলগাঁও ১৬ নৱেম্বৰঃ
চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত বড়ো লেখক সংস্থা(বডো ৰাইটাৰছ একাডেমী) ৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আনুষ্ঠানিকভাবে বড়ো সংগ্ৰহালয়ৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই । কাৰ্যসুচীৰ অংশ হিচাপে বড়ো লেখক সংস্থাৰ প্ৰেক্ষাগৃহত সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বড়ো জনগোষ্ঠীয় লেখক- সাহিত্যিক সকলে স্ব-গোষ্ঠীয় লেখা মেলাৰ ওপৰত আলোকপাত কৰে । সভাত পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট ড০ মঙ্গলসিং হাজোৱাৰীয় সংস্থাৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, বিটিচিৰ পাৰিষদ শুকুৰসিং নুছাহাৰী,, বিপিএফৰ কেন্দ্ৰীয় উপ সভাপতি শুদ্ধ কুমাৰ বসুমতাৰী আদিৰ লগতে ভালে সংখ্যক বড়ো জনগোষ্ঠীয় লেখক, সাহিত্যিক উপস্থিত থাকে । বড়ো লেখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বড়ো লেখক সংস্থাৰ দ্বাৰা বিগত দিনত বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰি অহা হৈছে ৷ বিগত ২০১৭ চনৰ সংস্থাই বড়ো সমাজত দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ সংৰক্ষৰণ কৰাৰ পৰিকল্পনা হাতত লোৱা অনুসৰি এই সংগ্ৰহালয় মুকলি কৰা হৈছে বুসি জানিবলৈ দিয়ে ৷

3701 বড়ো লেখক সংস্থাৰ প্ৰয়াস চিৰাঙত বড়ো সংগ্ৰহালয় মুকলি
3699 বড়ো লেখক সংস্থাৰ প্ৰয়াস চিৰাঙত বড়ো সংগ্ৰহালয় মুকলি
3700 বড়ো লেখক সংস্থাৰ প্ৰয়াস চিৰাঙত বড়ো সংগ্ৰহালয় মুকলি

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment