“অসম আন্দোলন সমাপ্তিৰ ৪৬টা বছৰত উপনীত হোৱাৰ সময়তো বিদেশী সমস্যাটোৰ সমাধান নহ’ল”
অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ ভৱানীপুৰতো বিভিন্ন দল-সংগঠনে বুধবাৰে শ্বহীদ দিৱস পালন কৰে। বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শ্বহীদগৰাকীৰ আত্মবলিদানস্থলী শ্বহীদ ভৱন প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাত পতাকা উত্তোলন কৰে বজালী জিলা ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুত দাসে। ইয়াৰ পিচতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে শ্বহীদগৰাকীৰ ভাতৃ কামেশ্বৰ তালুকদাৰে, শ্বহীদ ব্ৰজেন চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদগৰাকীৰ মাতৃ গিৰিজা চৌধুৰী আৰু শ্বহীদ হেমন্ত দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদগৰাকীৰ ভতিজা টুটুন দাসে। পুৱা ১০-৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে বজালী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰীয়ে। পুৱা ১০-৪৫ বজাত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমাংশু শৰ্মাই। দিনৰ ১১ বজাৰ পৰা নাম-প্ৰসঙ্গ কৰা হয়। দিনৰ ১ বজাত নৱ নিৰ্মিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতি উদ্যানখন মুকলি কৰা হয়। এই উদ্যানখন আনুষ্ঠানিক ভাবে ফিটা কাটি মুকলি কৰে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ কামেশ্বৰ তালুকদাৰে। মুকলি কৰাৰ পাছতে শ্বহীদ ভাতৃগৰাকীয়ে সাংবাদিকৰ আগত দিয়া মন্তব্যত অসম চৰকাৰে গুৱাহাটীত শ্বহীদ স্মাৰক-ক্ষেত্ৰ উদ্বোধনক প্ৰশংসা কৰাৰ লগতে অসম আন্দোলন সমাপ্তিৰ ৪৬টা বছৰত উপনীত হোৱাৰ সময়ত বিদেশী সমস্যাটোৰ সমাধান নোহোৱাত গভীৰ অসন্তুষ্টি ব্যক্ত কৰে। আনহাতে শ্বহীদগৰাকীয়ে আত্মত্যাগ কৰা ভৱানীপুৰত শ্বহীদগৰাকীৰ সোঁৱৰণত শ্বহীদ ভৱন নতুবা কোনোধৰণৰ উল্লেখযোগ্য নিৰ্মাণ এতিয়ালৈকে নোহোৱাত গভীৰ অসন্তুষ্টি ব্যক্ত কৰে শ্বহীদ ভাতৃগৰাকীয়ে। তেওঁ কয়, শ্বহীদগৰাকীৰ নামেৰে ভৱানীপুৰত আটকধুনীয়া এটি শ্বহীদ ভৱনৰ নিৰ্মাণে দূৰ-দূৰণিৰ যাত্ৰী তথা পৰ্যটকসকলক বহুতো সুবিধা প্ৰদান কৰিলেহেঁতেন। আনহাতে এনে কাৰ্যৰদ্বাৰা শ্বহীদগৰাকীৰ আত্মত্যাগৰ বিষয়ে দেশে-বিদেশে প্ৰচাৰত সহায়ক হ’লহেঁতেন। শ্বহীদ ভাতৃগৰাকীয়ে পথ এটাৰ নামকৰণ নতুবা ষ্টেডিয়াম এখনৰ নামকৰণে শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰাটো নুবুজায় বুলিও মন্তব্য কৰে। তদুপৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত কিছুদিন থকাৰ পিছতেই নাম অন্তৰ্ভুক্ত কৰি ৰাজ্যখনত ভোটাধিকাৰ লাভ কৰাৰ দৰে কাৰ্য অসমীয়া জাতিসত্বাৰ ভৱিষ্যতৰ কাৰণেই বিপজ্জনক বুলিও তেওঁ মন্তব্য কৰে। এই অনুষ্ঠানত অসম উন্নতি সভাৰ সম্পাদক সমুদ্ৰ পাটগিৰী, সদৌ অসম সত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমাংশু শৰ্মা, অসম সেনাৰ কাৰ্যনিৰ্বাহ সদস্য ধীমান শৰ্মা, অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহ সদস্য অৰূপ দাস, বজালী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ অলকেশ বৈশ্য, ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিলম পাটোৱাৰী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিলম কলিতা, ভৱানীপুৰ সত্ৰৰ পাঠক হৰিহৰ দাসকে ধৰি ভালেসংখ্যক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা বীৰ নাম পৰিৱেশন কৰি কাৰ্যসূচীৰ সামৰণি মৰা হয়। ইপিনে, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবড়ীস্থিত বাসগৃহৰ লগতে অসম গণ পৰিষদ দলৰ ভৱানীপুৰ বিধান পৰিষদৰ কাৰ্যালয়, বি এইচ বি মহাবিদ্যালয়তো আজি দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়।
ভৱানীপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীত শ্বহীদ ভাতৃ কামেশ্বৰ তালুকদাৰৰ ক্ষোভ
By WPN Report
On: December 11, 2025 9:40 AM

---Advertisement---












