নিৰ্বাচনৰ প্ৰাকক্ষণত অবৈধ ধন চলাচল ৰোধৰ বাবে তীব্ৰ তৎপৰতাৰে অভিযান চলাই আছে আৰক্ষীয়ে। এই প্ৰেক্ষাপটত বশিষ্ঠ আৰক্ষীয়ে এক গুৰুত্বপূর্ণ তালাচী অভিযান চলাই পুনৰ বৃহৎ পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মাইখুলি অঞ্চলত কৰা তালাচীৰ সময়ত আৰক্ষীয়ে ৪ লাখ ৬৬ হাজাৰ ৮০০ টকা উদ্ধাৰ কৰে। এই টকাখিনি বান্দিলে বান্দিলে সজোৱা অৱস্থাত আছিল।
উল্লেখযোগ্য যে, এই টকাখিনি এজনী মনিপুৰী মহিলাই কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীতেই আৰক্ষীয়ে টকাখিনি জব্দ কৰি ফ্লাইং স্কোৱাডৰ হাতত চমজাই দিয়ে।
বৰ্তমান ফ্লাইং স্কোৱাডে ঘটনাটোৰ ওপৰত বিস্তৃত তদন্ত আৰম্ভ কৰিছে। যদিও এতিয়ালৈকে টকাৰ সঠিক উৎস নিৰ্ণয় কৰিব পৰা হোৱা নাই, তথাপি তদন্ত অব্যাহত আছে।
নিৰ্বাচনৰ আগমুহূৰ্তত এনে ধৰণৰ ঘটনা পুনৰ পোহৰলৈ অহাত প্ৰশাসনে অধিক সতর্কতা অৱলম্বন কৰিছে।













