অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

গোৱাৰ নৈশ ক্লাৱত শণিবাৰে নিশা সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত কৰুণ মৃত্যুক সাৱতিলে ধেমাজিৰ যুৱক দিগন্ত পাটিৰে৷

On: December 8, 2025 12:39 PM
Follow Us:
---Advertisement---

গোৱাৰ নৈশ ক্লাৱত কালি সংঘটিত শোকাৱহ অগ্নিকাণ্ড ঘটনাত কৰুণ মৃত্যুক সাৱতি ললে ধেমাজিৰ জামুকনি গাওঁৰ ২২ বছৰীয়া যুৱক দিগন্ত পাটিৰে৷

২৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোত অসমৰ তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল, সেইকেইজনৰ ভিতৰত ধেমাজিৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্ত পাটিৰো আছিল৷

এবছৰ পূৰ্বে কৰ্মৰ সন্ধানত গোৱালৈ যোৱা দিগন্ত পাটিৰে গোৱাৰ এটা নৈশ ক্লাৱত ৰান্ধনীৰ কামত নিয়োজিত আছিল৷ দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্তৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দুৰ্ভগীয়া ঘৰখনত৷

ইতিমধ্যে কেৰেলাত কৰ্মৰত দিগন্তৰ ভাতৃ গোৱালৈ ৰাওনা হৈছে৷

ধেমাজিৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্তৰ ঘৰত থাকে মাথো মাতৃ আৰু ভগ্নী৷ বৰ্তমান ঘৰখনত শোকাকুল পৰিৱেশ৷

dh ed 2 গোৱাৰ নৈশ ক্লাৱত শণিবাৰে নিশা সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত কৰুণ মৃত্যুক সাৱতিলে ধেমাজিৰ যুৱক দিগন্ত পাটিৰে৷
dh ed3 গোৱাৰ নৈশ ক্লাৱত শণিবাৰে নিশা সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত কৰুণ মৃত্যুক সাৱতিলে ধেমাজিৰ যুৱক দিগন্ত পাটিৰে৷

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment