কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৃষাণ পাল গুৰজাৰে আজি (13th Dec) চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত আয়োজিত চতুৰ্থ সমবায় মেলা উদ্ধোধন কৰে। এই অনুষ্ঠানত অসম চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। উল্লেখযোগ্য যে, আজিৰে পৰা ১৫ ডিচেম্বৰলৈ এই চতুর্থ সমবায় মেলা অনুষ্ঠিত হ’ব। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্রহণ কৰিছে । মেলাত শিপিনী সকলে হাতেবোৱা কাপোৰ, বাঁহ-বেতেৰে নির্মিত সামগ্রী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্রী, কাঁহৰ সামগ্রী, পৰম্পৰাগত অসমীয়া গহণা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্রী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ শীৰ্ষ বিষয়া আশীষ কুমাৰ ভূটানিকে, অসম চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্ত লাল জ্ঞানী, সমবায় সমিতি সমূহৰ পঞ্জীয়ক নাৰায়ণ কোঁৱৰকে কে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।
কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৃষাণ পাল গুৰজাৰৰ চতুৰ্থ সমবায় মেলা উদ্ধাধন
By WPN Report
On: December 13, 2025 1:13 PM

---Advertisement---












