ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত মঙ্গলবাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ তদুপলক্ষে ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত অসম গ্ৰন্থমেলাত ‘শান্তিৰ সুৰধ্বনিঃ সমন্বিত সমাজ আৰু ড° ভূপেন হাজৰিকাৰ সাংগীতিক দৰ্শন’ শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয় ৷ আলোচনা সত্ৰখন চিন্তা উদ্দীপকভাৱে সঞ্চালনা কৰে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক ড° সন্দীপা দাসে ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকা প্ৰকৃতপক্ষেই এগৰাকী কিংবদন্তী শিল্পী আছিল ৷ সংগীত, সাহিত্য, সাংবাদিকতা, শিক্ষকতা, চলচ্চিত্ৰ নিৰ্মাণ তথা পৰিচালনা সকলো ক্ষেত্ৰকে গৰিমামণ্ডিত কৰি গৈছে ৷ তেওঁৰ বিৰল সফলতাৰ কাৰণ হৈছে মানৱতাবোধ আৰু শান্তি-সমন্বয়ৰ দৰ্শন ৷ সংগীতৰ মাজেৰে তেওঁ অসম আৰু পশ্চিমবংগৰ মাজত সমন্বয়ৰ সেতু গঢ়িছিল ৷ বাংলাদেশতো সমানে প্ৰখাত ড° ভূপেন হাজৰিকা ৷ জাতি-জনজাতিৰে বাৰেৰহণীয়া অসমৰ সাংস্কৃতিক ঐতিহ্যক তেওঁ ভাৰতবৰ্ষৰ বুকুত, বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল পবিত্ৰ হৃদয়েৰে ৷
সাধাৰণ মানুহৰ সপোন-হেঁপাহ আৰু লোক-জীৱনৰ কৃষ্টি-পৰম্পৰাৰ সুৰধ্বনিয়ে তেওঁৰ সৃষ্টিৰ সাৰ কথা আৰু মুখ্য সুৰ ৷ সেয়েহে তেওঁৰ সৃষ্টিয়ে সেয়ে সীমাৰ পৰিধি ভাঙি প্ৰতিটো প্ৰন্তৰ সকলো মানুহৰ অন্তৰ জয় কৰিছে ৷ সেইবাবে সাদয়ে তেওঁৰ মহত্ব বন্দিত হৈ ৰ’ব ৷
উল্লেখ্য যে আটাইকেইগৰাকী আলোচকে বক্তব্যৰ মাজতে ড° ভূপেন হাজৰিকাৰ কালজয়ী গান পৰিৱেশন কৰি অনুষ্ঠানটো সমৃদ্ধ কৰে ৷ ইপিনে অসম গ্ৰন্থমেলা, শিলচৰত আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ডি এন এন কে গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল, সৰস্বতী বিদ্যা নিকেতন আৰু সংগীতায়ন মিউজিক স্কুলে ৷













