চৰাইদেউ, ২ ডিচেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাছু নাজিৰা মহকুমা সমিতিৰ সহযোগত আজি নাজিৰা খেলপথাৰত অসম দিৱস উদযাপন কৰা হব।
এই বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো মন্ত্ৰী, বিধায়ক আৰু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া।
সম্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় (ৰাজ্যিক), বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা; পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায় ইত্যাদি বিভাগৰ মন্ত্ৰী যোগেন মহন; আৰু জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী ইত্যাদি বিভাগৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকা উপস্থিত থাকিব।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই।
এই বিশেষ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত অধ্যক্ষ, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, গোলাঘাটৰ ড° বস্তি ৰাণী গগৈয়ে অংশগ্ৰহণ কৰিব৷
অসম দিৱসৰ লগত সংগতি ৰাখি নাজিৰা নগৰত টাই আহোম উন্ন পুজিৰে নিৰ্মাণ কৰা চুকাফাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব৷













