অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

আগ্নেয়াস্ত্ৰ সৰবৰাহৰ সময়ত কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মিজোৰাম আৰু মণিপুৰৰ দুই যুৱক

On: December 18, 2025 1:33 PM
Follow Us:
---Advertisement---

চোৰাং আগ্নেয়াস্ত্ৰ পাচাৰৰ অভিযোগত মিজোৰাম আৰু মণিপুৰৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জনোৱা মতে, জিলাখনৰ ধলাখাল আউটপোষ্টত নিয়মিত তালাচীৰ সময়ত মিজোৰামৰ পৰা অহা এখন বাহন জব্দ কৰা হয়। বাহনখনত তালাচী চলাই এটা .৩২ পিষ্টল (মেগজিনসহ), এটা ৭.৬৫ মিমি পিষ্টল (মেগজিনসহ) আৰু ৭.৬৫ মিমি কেলিবাৰৰ পাঁচ ৰাউণ্ড জাই জব্দ কৰা হৈছে। ধৃত ব্যক্তি দুজন হৈছে মিজোৰামৰ আইজলৰ মাৰঘাইজুওল মাৰ (২৬) আৰু মণিপুৰ ইম্ফলৰ লালখুমলিয়েন মাৰ (৩৮)। প্ৰাথমিক তদন্তত জব্দ হোৱা অস্ত্ৰৰ চালান লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাৰখুলিন অঞ্চললৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। এই অঞ্চলটোৱে হৈছে মণিপুৰ আৰু অসমৰ সীমান্ত অঞ্চল।

মন কৰিবলগীয়া যে, মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সময়ত জিৰিম্বাম জিলাৰ প্ৰায় ৩ হাজাৰ লোকে অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰৰ ফুলেৰতল মাৰখুলিনত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল।

এছএছপি পাৰ্থ প্ৰতিম দাসে জনোৱা মতে, বিষয়টোৰ পূৰ্ব আৰু পৰৱৰ্তী লিংকৰ তদন্ত কৰি আছে আৰু এই কাণ্ডৰ লগত আৰু কেইজনমান লোক জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment