বজালী, ৩ ডিচেম্বৰঃ আজি বজালী উকিল সন্থাৰ সৌজন্যত বিভিন্ন কাৰ্যক্ৰমণিকাৰে অধিবক্তা দিৱস উদযাপন কৰা হয়। বজালী উকিল সন্থাৰ সভাপতি তথা বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক অধিবক্তা ৰণজিৎ কলিতাই। উল্লেখ্য যে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ৰাষ্ট্রপতি ড৹ ৰাজেন্দ্র প্রসাদৰ ওপজা দিন উপলক্ষ্যে প্ৰতি বছৰে ৩ ডিচেম্বৰৰ দিনটো সমগ্ৰ দেশতে অধিবক্তা দিৱস হিচাপে পালন কৰা হয়৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বজালীতো পালন কৰা অধিবক্তা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ অধিবক্তা তিলক তালুকদাৰ আৰু ধনজিৎ দাসে ভাষণ প্ৰদান কৰি উকিলসকলৰ দায়িত্ব আৰু কর্তব্য সন্দর্ভত সুন্দৰ বক্তব্য আগবঢ়ায়। গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মদন তালুকদাৰেও অনুষ্ঠানত উপস্থিত থাকি সংবিধান মানি চলা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা সভাখনত বজালীৰ ১৪ গৰাকী নৱাগত অধিবক্তাক ফাইল কভাৰ আৰু কলমেৰে আদৰণি জনোৱা হয়৷ নৱাগত অধিবক্তাসকলৰ ভিতৰত অধিবক্তা সমুদ্র পাটগিৰিয়ে আজিৰ অধিবক্তা দিৱস পালন কাৰ্যসূচীৰ অংশীদাৰ হবলৈ পাই সন্তোষিত হোৱা বুলি ব্যক্ত কৰি ইয়াৰ বাবে বজালী উকীল সন্থাক ধন্যবাদ জনায়৷ বজালী উকীল সন্থাৰ সহকাৰী সম্পাদক অনুপল দত্ত পাঠকে শলাগৰ শৰাই জ্ঞাপন কৰা অনুষ্ঠানটোত বহু কেইগৰাকী জ্যেষ্ঠ-কণিষ্ঠ অধিবক্তাই অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলে৷
বজালী উকিল সন্থাৰ কার্য্যালয়ত অধিবক্তা দিৱস উদযাপন
By WPN Report
On: December 3, 2025 7:41 PM

---Advertisement---












