অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণ সূচী ঘোষণা, কোকৰাঝাৰ আৰু গুৱাহাটীত বিভিন্ন কাৰ্যসূচী

On: March 11, 2026 12:14 PM
Follow Us:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সূচী
---Advertisement---

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে পুনৰ অসমলৈ আহিব। ১৩ আৰু ১৪ তাৰিখে অনুষ্ঠিত হ’ব এই ভ্ৰমণ কাৰ্যসূচী, য’ত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰা হ’ব।

সূচী অনুসৰি ১৩ তাৰিখে দুপৰীয়া প্ৰায় ২ বজাত কোকৰাঝাৰত প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াত ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ “অসম মালা” প্ৰকল্প আৰম্ভ কৰা হ’ব। লগতে BTC অঞ্চলত বহু কেইখন দলঙৰ উদ্বোধন কৰা হ’ব।

ইয়াৰ উপৰিও তিনিখন নতুন ৰেলৰ চলাচল আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।

একেদিনাই গুৱাহাটীত চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। আনহাতে কপিলী জলবিদ্যুৎ প্ৰকল্প মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে।

১৪ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ২২ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৱে প্ৰকল্পৰ শিলান্যাস কৰিব।

এই ভ্ৰমণ কাৰ্যসূচীয়ে অসমৰ উন্নয়ন ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment