মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এটা ভয়ংকৰ বিস্ফোৰণত কমেও ১৮ জন কয়লা খনিশ্ৰমিকৰ মৃত্যু হৈছে। এই বিস্ফোৰণটো এটা “অবৈধ” কয়লা খনিত সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনাইছে। লগতে খনিটোৰ ভিতৰত আৰু বহু শ্ৰমিক আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে।
মেঘালয় আৰক্ষীৰ সঞ্চালক প্ৰধান আই নংৰাঙে জানিবলৈ দিয়া মতে, এই ঘটনা জিলাখনৰ থাংস্কু অঞ্চলত পুৱা সময়ত সংঘটিত হয়। তেওঁ কয় যে উদ্ধাৰকাৰী দলসমূহ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।
“এতিয়ালৈকে আমি ১৮টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। বিস্ফোৰণৰ সময়ত খনিটোৰ ভিতৰত কিমান শ্ৰমিক আছিল, সেয়া এতিয়াও নিশ্চিত নহয়। অধিক লোক ভিতৰত আবদ্ধ হৈ থাকিব পাৰে,” বুলি নংৰাঙে কয়।
পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয় যে বিস্ফোৰণত আহত এজন ব্যক্তিক প্ৰথমে সুটঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। তাৰ পিছত অৱস্থাৰ অৱনতি হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, এই বিস্ফোৰণটো কয়লা খনন চলি থকা অৱস্থাত সংঘটিত হৈছিল। খনিটো অবৈধভাৱে চলি আছিল নেকি বুলি সোধাত আৰক্ষী অধীক্ষকে কয়, “হয়, তেনেকুৱাই যেন দেখা গৈছে।” অৱশ্যে বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰু বিষয়টো তদন্ত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) ২০১৪ চনত মেঘালয়ত ৰেট হ’ল কয়লা খননসহ সকলো ধৰণৰ অবৈজ্ঞানিক খনন পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। পৰিৱেশৰ ক্ষতি আৰু শ্ৰমিকসকলৰ সুৰক্ষাৰ অভাৱৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞাক সমৰ্থন জনাইছিল আৰু কেৱল বৈজ্ঞানিক আৰু নিয়ন্ত্ৰিত পদ্ধতিৰে খননৰ অনুমতি দিছিল।
ৰেট হ’ল খনন পদ্ধতিত সাধাৰণতে ৩-৪ ফুট উচ্চতাৰ সৰু সুৰংগ খান্দি শ্ৰমিকসকলে ভিতৰত সোমাই কয়লা উলিয়াবলগীয়া হয়। এই সুৰংগবোৰ অত্যন্ত সংকীৰ্ণ হোৱাৰ বাবে ইয়াক প্ৰায়ে “নিগনিৰ গাঁত” বুলি কোৱা হয়।
প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ আৰু সাহায্য ঘোষণা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে আৰ্থিক সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰকাশ কৰা এটা পোষ্টত মোদীয়ে কয়, “মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত সংঘটিত এই দুৰ্ঘটনাই মোক অত্যন্ত দুখিত কৰিছে। আপোনজন হেৰুৱাই পেলোৱা পৰিয়ালসমূহলৈ মোৰ সমবেদনা। আহতসকলে সোনকালে সুস্থতা লাভ কৰক।”
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে, প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃত শ্ৰমিকৰ নিকটতম আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব।













