পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি অঞ্চলত সংঘটিত হোৱাৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত কাৰ্বি আংলং জিলাত ৰাইজৰ মাজত শান্তি শৃংখলাৰ বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থত কালি সন্ধিয়াৰ পৰা সমগ্ৰ জিলাত জিলা দণ্ডাধীশে কেতবোৰ বিয়ষত নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি জিলাখনত 5 জনৰ অধিক লোক সমবেত হব নোৱাৰিব, গুৰুত্বপূৰ্ণ স্হান সমুহত আৰু কাৰ্য্যলয় সমুহত প্ৰতিবাদী কাৰ্যসূচী, সমদল, সভা সমিতি আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনেই মেল মিটিং আৰু মাইক্ৰফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা কৰা হৈছে।
উল্লেখযোগ্য য়ে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত কিছু সংগঠনে অঞ্চলখনত পি জি আৰ ভুমিত বসবাস কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ কৰিবলৈ অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছিল। এয়াৰে কেইবাজন লোকক অসুস্থ হোৱাত গুৱাহাটীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ইয়াকে লৈ কালি এচামে গ্ৰেপ্তাৰ হোৱাৰ বুলি প্ৰচাৰ হোৱাত খেৰনিত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু একাংশ লোকে কাৰ্বি আংলং সায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকাম- আৰতুকেকাঙত থকাৰ বাসভৱন অগ্নি সংযোগ কৰি ক্ষতি সাধন কৰে। এই হিংসাত্মক পৰিস্থিতিৰ বাবে ডিফুত মুখ্য কাৰ্য্যবাহী সদস্য ৰংহাঙৰ চৰকাৰী বাসভৱনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ হয়।
কাৰ্বি আংলং জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ বিষয়ত নিষেধাজ্ঞা জাৰি
By WPN Report
On: December 23, 2025 5:08 PM
---Advertisement---












