অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

নামৰূপৰ বহু প্ৰত্যাশিত এমনিয়া ইউৰিয়া প্ৰকল্পৰ ভূমিপূজন

On: December 21, 2025 5:36 PM
Follow Us:
---Advertisement---

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপৰ বহু প্ৰত্যাশিত অসম ভেলী ফাটিলাইজাৰ এণ্ড কেমিকেল কোম্পানীৰ লিমিটেডৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ ভূমিপূজন কৰে ।অসম চৰকাৰৰ এক বলিষ্ঠ সিদ্ধান্ত মৰ্মে নামৰূপত দেশৰ ভিতৰতে এই বৃহৎ প্ৰকল্পটোৰ জৰিয়তে অসমৰ উদ্যোগিক ক্ষেত্ৰ খনলৈ এক নৱজাগৰণৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।আজি এই ভূমিপুজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড় লোক সভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল,অসম চৰকাৰৰ উদ্যোগিক মন্ত্ৰী বিমল বৰা,কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন,যোগেন মহন,স্থানীয় বিধায়ক তৰংগ গগৈকে ধৰি ডিব্ৰুগড় জিলা খনৰ আটাইকেইগৰাকী বিধায়ক,অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা ৰণোজ পেগু,ৰূপেশ গোৱালা কে প্ৰমুখ্য কৰি অসম চৰকাৰৰ মন্ত্ৰী,বিধায়ক সকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।এই ভূমি পূজন অনুষ্ঠানত ডিব্ৰুগড়,তিনিচুকীয়া,চৰাইদেউ,জিলাৰ পৰা লক্ষাধিক পুৰুষ মহিলা উপস্থিত থাকে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment